July 19, 2026 12:14 PM | 2026 FIFA WORLDCUP

printer

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আর্জেণ্টিনা স্পেইনৰ সন্মুখীন

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি নিশা আর্জেণ্টিনা স্পেইনৰ সন্মুখীন হ’ব। নিউয়ৰ্কৰ নিউজার্ছিত হ’বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২-৩০ বজাত আৰম্ভ হ’ব।

ইংলেণ্ডে যোৱানিশা মিয়ামি স্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ফ্রান্সক ৬-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন কৰে। ইংলেন্ডে খেলৰ প্ৰথমার্ধতে ৪টা গ’ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমার্ধত ডেকলন ৰাইচ, এজৰি কোনছা আৰু বুকায়ো ছাকাই গ’ল দিয়ে।

ফ্রান্সে দ্বিতীয়ার্ধত প্রত্যাৰ্বতনৰ চেষ্টা চলাই আৰু কিলিয়ন বাপে দিয়া দুটা গ’লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ো ছাকাই পেনাল্টি গ’ললৈ ৰূপান্তৰ কৰি হেট্রিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে।

ফ্ৰান্সৰ কিলিয়ন বাপে গল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আর্জেন্টিনাৰ লিআনেল মেছিয়ে এতিয়ালৈকে ৮টা গ’ল দিয়াৰ বিপৰীতে বাপে ১০টা গ’ল দিছে।