July 5, 2026 9:02 PM

views 35

ফিফা বিশ্বকাপ ফুটবলত প্রি-কোৱাৰ্টাৰ ফাইনেলত ব্রাজিল আৰু নৰৱে মুখামুখি

ফিফা বিশ্বকাপ ফুটবলত আজি প্রি-কোৱাৰ্টাৰ ফাইনেলৰ ভাৰতীয় সময় অনুসৰি মাজনিশা ডেৰ বজাত নিউ জার্চিত হ'বলগীয়া এখন খেলত ব্রাজিল আৰু নৰৱে মুখামুখি হ'ব। প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ মেক্সিকোত হ'বলগীয়া আনখন খেলত কাইলৈ পুৱা ৫.৩০ বজাত মেক্সিকো আৰু ইংলেণ্ড মুখামুখি হ'ব। উল্লেখযোগ্য যে ইতিমধ্যে ফিলাডেলফিয়াত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত পাৰাগুৱেক পৰাস্ত কৰি ফ্রান্সে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে মৰক্কোই হিউস্টনত অনুষ্ঠিত প্রথমখন প্রি-কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে ৩-০ গ'...

July 4, 2026 11:00 AM

views 10

কলম্বিয়া, আর্জেন্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰী – কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ৰাউণ্ডঅৱ ছিক্সটীন বা অন্তিম ১৬-ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ৰাউণ্ড অৱ ৩২ৰ আজি কিছু মুহূৰ্ত পূর্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানছাছচিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক ১-০ গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে, আমেৰিকাৰ মায়ামী গার্ডেনছত হোৱা আন এখন খেলত আর্জেন্টিনাই কেপ ভার্দেক ৩-২ গ'লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আর্জেন্টিনাক অগ্রগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছ...

July 2, 2026 12:41 PM

views 19

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি আমেৰিকাৰ হাতত বছনিয়া হার্জেগোভিনা ২-০ গ’লত পৰাস্ত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক' বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া হার্জেগোভিনাক ২-০ গ'লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই নকআউট পর্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ য়ুৰী টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে, কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক ২-১ গ'লৰ ব্য...

June 30, 2026 6:40 PM

views 18

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা আইভী কষ্ট নৰৱেৰ আৰু ফ্ৰান্স চুইডেনৰ মুখামুখি

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পর্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিকছটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ'লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহিনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে ৩-২ৰ ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। আজি নিশা চাৰে ১০ বজাত আইভৰি ক ’ষ্ট নৰৱেৰ সন্মুখীন হ'...

June 29, 2026 7:43 PM

views 18

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১০ বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ’লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শেনেৰে ফুটবল প্রেমীৰ মন জয় কৰে। কানাডাই অহা ৪ জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য ...

June 28, 2026 12:35 PM

views 9

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আর্জেন্টিনাই জর্ডানক ৩-১ গ’ল পৰাস্ত কৰে

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি আর্জেন্টিনাই ডালাছত অনুষ্ঠিত এখন খেলখনত জর্ডানক ৩-১ গ'ল পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানছাছত অনুষ্ঠিত খেলখন ২-২ গ'লত ড্র হয়। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউ জাৰ্ছি ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এলৰ এখন খেলত ইংলেন্ডে পানামাক ২-০ গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউদ বেলিংহাম আৰু হেৰি কেনে একোটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ-এলৰ পইণ্ট তালিকাত শীর্ষ স্থান লাভ কৰিছে। ইপিনে ক্ৰ'ৱেচিয়াই গ্রুপ-এলৰ আন এখন খেলত ঘানাক ২-১ গ'লৰ ব্যৱধানত পৰ...

June 27, 2026 9:19 PM

views 13

ইজিপ্ত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত উপনীত

ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰানৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ১-১ গ’লত ডু’ হোৱাৰ সুবাদত দলটোৱে নক আউট পর্যায়ত স্থান লাভ কৰে।  ইৰানৰ ৰামিন ৰেজেয়ানক প্লেয়াৰ অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ড্র' হোৱা সত্ত্বেও ইৰান বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে।  গ্রুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক ৫-১ গ’লত পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নকআউ...

June 21, 2026 12:30 PM

views 23

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আইভৰি কষ্টৰ বিৰুদ্ধে জার্মানী ২-১ গ’লত বিজয়ী

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি কানাডাৰ টৰেণ্টত অনুষ্ঠিত এখন খেলত জার্মানীয়ে আইভৰি কষ্টক ২-১ গ'লত পৰাস্ত কৰি নকআউট পর্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জার্মানীৰ হৈ ডেনিজ উণ্ডাভেই দুয়োটা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাঅ'ৰ মাজত কানছাছত অনুষ্ঠিত খেলখন গ'ল শূন্যভাবে অমিমাংসীত হৈ ৰয়। প্রতিযোগিতাৰ গ্ৰুপ-এফৰ এখন খেলত জাপানে টিউনিছিয়াক ৪-০ গ'লত পৰাস্ত কৰে। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰ হাস্টনত অনুষ্ঠিত গ্রুপ-এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে ৫-১ গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত...

June 20, 2026 2:03 PM

views 21

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন খেলত তুর্কীয়েৰ বিৰুদ্ধে পেৰাগুৱেৰ জয়লাভ

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱে তুর্কীয়েৰ বিৰুদ্ধে ১-০ গ'লত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা ৬ বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্রাজিলে হেইটাক ৩-০ গ'লত পৰাস্ত কৰে। ইয়াৰ পূর্বে আজি পুৱতি নিশা চাৰে ৩ বজাত অনুষ্ঠিত গ্রুপ- বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক ১-০ গ'লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াতল স্টেডিয়ামত অনুষ্ঠিত গ্রুপ-ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্টই অস্ট্রেলিয়াক ২-০ গ'লত পৰাস্ত কৰি নকআউট পর্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই এতিয়ালৈকে খেলা দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মে...

June 16, 2026 1:27 PM

views 32

ফিফা বিশ্বকাপ ফুটবলত আজি ফ্রান্স-ছেনেগাল আৰু ইৰাক-নৰৱেৰ মেচ

চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই ড্র ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে চৌডি আৰবৰ লগত ১-১ গ'লত ডু খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্র কেপভার্ডেই কালি স্পেইনৰ সৈতে গ্রুপ এইছৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে।  ইফালে গ্রুপ-জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো ১-১ গ'লত ড্র হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰান আৰু নিউজিলেণ্ডৰ খেলখনো ২-২ গ'ল ড্র হয়।  বিশ্বকাপৰ আজি...