ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ৰাউণ্ডঅৱ ছিক্সটীন বা অন্তিম ১৬-ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়।
ৰাউণ্ড অৱ ৩২ৰ আজি কিছু মুহূৰ্ত পূর্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানছাছচিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক ১-০ গলত পৰাস্ত কৰে।
ইয়াৰ পূৰ্বে, আমেৰিকাৰ মায়ামী গার্ডেনছত হোৱা আন এখন খেলত আর্জেন্টিনাই কেপ ভার্দেক ৩-২ গ’লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত লিঅ’নেল মেছিয়ে গ’ল কৰি আর্জেন্টিনাক অগ্রগতি প্ৰদান কৰে। এই গ’লটোৰ সৈতে মেছিয়ে চলিত প্রতিযোগিতাত নিজৰ সপ্তম গ’লটো কৰাৰ লগতে ছখন বিশ্বকাপত নিজৰ ৩০ সংখ্যক খেলত ২০ গ’ল অৰ্জন কৰাৰ এক বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূর্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ ১১১ মিনিটত কেপ ভার্দেৰ ডিনী বৰ্গেছৰ আত্মঘাতী গ’ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্রশস্ত কৰে ৷
ইপিনে, আর্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শুট-আউটত ৪-২ গ’লত পৰাস্ত কৰি ইজিপ্ট ৰাউণ্ড অৱ ছিক্সটীনত প্ৰৱেশ কৰিছে। নিৰ্ধাৰিত ৯০ মিনিট আৰু অতিৰিক্ত সময়তো খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰোৱাত পেনাল্টীৰ সহায় ল ‘বলগীয়া হয়। এই জয়ৰ জৰিয়তে ৯২ বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নক- আউট পর্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছে।