June 27, 2026 9:19 PM | 2026 FIFA WORLDCUP

printer

ইজিপ্ত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত উপনীত

ইজিপ্তে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ইৰানৰ সৈতে আমেৰিকাৰ ছিয়াটেলত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ১-১ গ’লত ডু’ হোৱাৰ সুবাদত দলটোৱে নক আউট পর্যায়ত স্থান লাভ কৰে।

 ইৰানৰ ৰামিন ৰেজেয়ানক প্লেয়াৰ অব্ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইজিপ্ত নক আউট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ’ব। খেলখন ড্র’ হোৱা সত্ত্বেও ইৰান বৰ্তমানো নক আউট পৰ্যায়ৰ দৌৰত বৰ্তি আছে। 

গ্রুপ জিৰ আন এখন খেলত বেলজিয়ামে নিউজিলেণ্ডক ৫-১ গ’লত পৰাস্ত কৰে। এই জয়েৰে বেলজিয়ামেও নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে কাবো ভাৰ্ডে আৰু ছৌদি আৰৱৰ মাজৰ গ্ৰুপএইচৰ খেলখন গ’লশূন্যভাৱে ড্ৰ’ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক ১-০ গ’লত পৰাস্ত কৰে।