June 16, 2026 1:27 PM | 2026 FIFA WORLDCUP

printer

ফিফা বিশ্বকাপ ফুটবলত আজি ফ্রান্স-ছেনেগাল আৰু ইৰাক-নৰৱেৰ মেচ

চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই ড্র ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে চৌডি আৰবৰ লগত ১-১ গ’লত ডু খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্র কেপভার্ডেই কালি স্পেইনৰ সৈতে গ্রুপ এইছৰ এখন খেল গ’লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। 

ইফালে গ্রুপ-জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো ১-১ গ’লত ড্র হয়।

এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰান আৰু নিউজিলেণ্ডৰ খেলখনো ২-২ গ’ল ড্র হয়। 

বিশ্বকাপৰ আজি হ’বলগা খেলত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত দুবাৰৰ চেম্পিয়ন ফ্রান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা চাৰে তিনি বজাত ইৰাকে নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।