বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি কানাডাৰ টৰেণ্টত অনুষ্ঠিত এখন খেলত জার্মানীয়ে আইভৰি কষ্টক ২-১ গ’লত পৰাস্ত কৰি নকআউট পর্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জার্মানীৰ হৈ ডেনিজ উণ্ডাভেই দুয়োটা গ’ল দিয়ে।
ইপিনে ইকুৱেডৰ আৰু কুৰাচাঅ’ৰ মাজত কানছাছত অনুষ্ঠিত খেলখন গ’ল শূন্যভাবে অমিমাংসীত হৈ ৰয়। প্রতিযোগিতাৰ গ্ৰুপ-এফৰ এখন খেলত জাপানে টিউনিছিয়াক ৪-০ গ’লত পৰাস্ত কৰে।
ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰ হাস্টনত অনুষ্ঠিত গ্রুপ-এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে ৫-১ গ’লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্রাজিলে হেইটীক ৩-০ গ’লত পৰাভূত কৰে।