June 14, 2026 11:12 AM

views 44

ফিফা বিশ্বকাপ ২০২৬ৰ কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত খেল ড্র

ফিফা বিশ্বকাপ ২০২৬ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্রেন্সিচকো বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেল ড্র' হয়। ছুইজাৰলেণ্ডে এটা গ'লত আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগমুহূৰ্তত কাটাৰে এটা গ'ল দি সমতা স্থাপন কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা চাৰে ৩ বজাত ব্রাজিল আৰু মৰক্কোৰ মাজত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেল ১-১ গ'লত ড্র' হয়। ভাৰতীয় সময় অনুসৰি পুৱা ৬.৩০ বজাত অনুষ্ঠিত গ্রুপ-চিৰ আন এখন খেলত স্কটলেণ্ড হেইটীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তদুপৰি পুৱা ৯.৩০ বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ-ড...

June 13, 2026 6:52 PM

views 36

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১২ বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতিনিশা চাৰে ৩ হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্রাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা চাৰে ৬ বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

June 12, 2026 11:58 AM

views 28

মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ

মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ হয়। এজ্‌টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্রিকাক ২-০ গ'লত পৰাস্ত কৰে । মেক্সিকোৰ হৈ জুলিয়ন কিউন'ন্সে খেলৰ ন মিনিটত গ'ল দি দলক অগ্রগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে ৬৭ মিনিটত দিয়া গলেৰে মেক্সিকোই ২-০ গ'লৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱৰ্না বয়ে প্ৰতিযোগিতাৰ ...

June 11, 2026 11:48 AM

views 38

আজিৰেপৰা ১৯ জুলাইলৈ মুঠ ১৬ টা স্থানত বিশ্বকাপ ফুটবল প্রতিযোগিতা

বিশ্বকাপ ফুটবল প্রতিযোগিতা আজিৰেপৰা ১৯ জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিক’ৰ ১৬ টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথম বাৰৰ বাবে ৩২ খন দেশৰ পৰিৱৰ্তে ৪৮ খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক ১২ টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক- আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দল কেইটাও নক-আউট পর্যায়লৈ যোগ্যতা লাভ কৰিব। প্রতিযোগিতাত মুঠ ১০৪ খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত ৭২...

June 6, 2024 11:37 AM

views 103

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত আজি কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আজি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হ'বলগীয়া ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইখন তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ খেলুৱৈ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ'ব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ-এত ৪ খন খেলত ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে। কাটাৰে ১২ পইণ্টেৰে শীৰ্ষ স্থানত থকাৰ বিপৰীতে আফগানিস্তানে ৪ আৰু কুৱেইটে ৩ পইণ্ট লাভ কৰিছে। আজিৰ খেলখনত জয়ী হ'ব পাৰিলে ভাৰত প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আৰু দলটোৱে ২০...