বিশ্বকাপ ফুটবল প্রতিযোগিতা আজিৰেপৰা ১৯ জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিক’ৰ ১৬ টা স্থানত অনুষ্ঠিত হ’ব। বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথম বাৰৰ বাবে ৩২ খন দেশৰ পৰিৱৰ্তে ৪৮ খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক ১২ টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক- আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দল কেইটাও নক-আউট পর্যায়লৈ যোগ্যতা লাভ কৰিব।
প্রতিযোগিতাত মুঠ ১০৪ খন খেল অনুষ্ঠিত হ’ব। ইয়াৰে ভিতৰত ৭২ খন গ্ৰুপ পৰ্যায়ত আৰু ৩২ খন নক-আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল ১৯ জুলাইত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিক’, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।