মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ হয়। এজ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্রিকাক ২-০ গ’লত পৰাস্ত কৰে । মেক্সিকোৰ হৈ জুলিয়ন কিউন’ন্সে খেলৰ ন মিনিটত গ’ল দি দলক অগ্রগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে ৬৭ মিনিটত দিয়া গলেৰে মেক্সিকোই ২-০ গ’লৰ অগ্ৰগতি লাভ কৰে।
ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱৰ্না বয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দাই-দাই পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলেজান্ড্রু’ ফার্নানডেজ, লীলা ডাউনছ, বেলিঙা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে।
প্রতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত কানাডা বছনিয়াৰ বিৰুদ্ধে আৱতীৰ্ণ হ’ব। কাইলৈ পুৱা চাৰে ছয় বজাত হ’বলগীয়া আন এখন খেলত আমেৰিকা, পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।