June 6, 2024 11:37 AM | 2026 FIFA WORLDCUP

printer

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত আজি কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আজি কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত হ’বলগীয়া ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱালিফায়াৰ খেলত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এইখন তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ খেলুৱৈ জীৱনৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ’ব। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ-এত ৪ খন খেলত ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে। কাটাৰে ১২ পইণ্টেৰে শীৰ্ষ স্থানত থকাৰ বিপৰীতে আফগানিস্তানে ৪ আৰু কুৱেইটে ৩ পইণ্ট লাভ কৰিছে। আজিৰ খেলখনত জয়ী হ’ব পাৰিলে ভাৰত প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আৰু দলটোৱে ২০২৭ চনত হ’বলগীয়া এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত স্থান নিশ্চিত কৰিব। ভাৰত সম্প্ৰতি ফিফা ৰেংকিঙৰ ১২১ সংখ্যক স্থানত আছে।