ফিফা বিশ্বকাপ ২০২৬ৰ তৃতীয় দিনা কাটাৰ আৰু ছুইজাৰলেণ্ডৰ মাজত ছান ফ্রেন্সিচকো বে’ এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-বিৰ এখন খেল ড্র’ হয়। ছুইজাৰলেণ্ডে এটা গ’লত আগবাঢ়ি আছিল যদিও খেল সমাপ্ত হোৱাৰ আগমুহূৰ্তত কাটাৰে এটা গ’ল দি সমতা স্থাপন কৰে।
ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা চাৰে ৩ বজাত ব্রাজিল আৰু মৰক্কোৰ মাজত অনুষ্ঠিত গ্রুপ-চিৰ এখন খেল ১-১ গ’লত ড্র’ হয়। ভাৰতীয় সময় অনুসৰি পুৱা ৬.৩০ বজাত অনুষ্ঠিত গ্রুপ-চিৰ আন এখন খেলত স্কটলেণ্ড হেইটীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।
তদুপৰি পুৱা ৯.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ-ডিৰ এখন খেলত অস্ট্রেলিয়া তুর্কীৰ মুখামুখি হোৱাৰ বিপৰীতে নিশা ১০.৩০ বজাত জার্মানী আৰু কুৰাকাণ্ডৰ মাজত গ্ৰুপ ইৰ এখন খেল অনুষ্ঠিত হ’ব।