June 20, 2026 2:03 PM | 2026 FIFA WORLDCUP

printer

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন খেলত তুর্কীয়েৰ বিৰুদ্ধে পেৰাগুৱেৰ জয়লাভ

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱে তুর্কীয়েৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা ৬ বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্রাজিলে হেইটাক ৩-০ গ’লত পৰাস্ত কৰে।

ইয়াৰ পূর্বে আজি পুৱতি নিশা চাৰে ৩ বজাত অনুষ্ঠিত গ্রুপ- বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক ১-০ গ’লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াতল স্টেডিয়ামত অনুষ্ঠিত গ্রুপ-ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্টই অস্ট্রেলিয়াক ২-০ গ’লত পৰাস্ত কৰি নকআউট পর্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই এতিয়ালৈকে খেলা দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নকআউট পর্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকাই প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্রুপ পৰ্যায়ৰ পৰা এই যোগ্যতা অর্জন কৰিছে।