ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি আর্জেন্টিনাই ডালাছত অনুষ্ঠিত এখন খেলখনত জর্ডানক ৩-১ গ’ল পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানছাছত অনুষ্ঠিত খেলখন ২-২ গ’লত ড্র হয়।
ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউ জাৰ্ছি ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ এলৰ এখন খেলত ইংলেন্ডে পানামাক ২-০ গ’লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউদ বেলিংহাম আৰু হেৰি কেনে একোটাকৈ গ’ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ-এলৰ পইণ্ট তালিকাত শীর্ষ স্থান লাভ কৰিছে।
ইপিনে ক্ৰ’ৱেচিয়াই গ্রুপ-এলৰ আন এখন খেলত ঘানাক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। গ্রুপ-এলৰ পইন্ট তালিকাত ক্র’ৱেচিয়া দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে।