ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ১০ বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ’লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শেনেৰে ফুটবল প্রেমীৰ মন জয় কৰে। কানাডাই অহা ৪ জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে অনুষ্ঠিত হৈছে। গ্রুপ পৰ্যায়ত জয়লাভ কৰা ৩২টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ’ব।