ফিফা বিশ্বকাপ ফুটবলত প্রি-কোৱাৰ্টাৰ ফাইনেলত ব্রাজিল আৰু নৰৱে মুখামুখি

ফিফা বিশ্বকাপ ফুটবলত আজি প্রি-কোৱাৰ্টাৰ ফাইনেলৰ ভাৰতীয় সময় অনুসৰি মাজনিশা ডেৰ বজাত নিউ জার্চিত হ’বলগীয়া এখন খেলত ব্রাজিল আৰু নৰৱে মুখামুখি হ’ব। প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ মেক্সিকোত হ’বলগীয়া আনখন খেলত কাইলৈ পুৱা ৫.৩০ বজাত মেক্সিকো আৰু ইংলেণ্ড মুখামুখি হ’ব।

উল্লেখযোগ্য যে ইতিমধ্যে ফিলাডেলফিয়াত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত পাৰাগুৱেক পৰাস্ত কৰি ফ্রান্সে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে মৰক্কোই হিউস্টনত অনুষ্ঠিত প্রথমখন প্রি-কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে ৩-০ গ’লত পৰাভূত কৰে।

মৰক্কোৰ অজিডিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতীয়ার্ধত দুটা গ’ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত তৃতীয়টো গ’ল দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।