ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আর্জেন্টিনাই ছুইজাৰলেণ্ডক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱানিশা ফ্ল’ৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক ২-১ গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে।
অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন চেমিফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব। ফ্রান্সে কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে বেলজিয়ামৰ বিৰুদ্ধে ২-১ গলৰ ব্যৱধানত জয়লাভ কৰি চেমিফাইনেলত প্ৰৱেশ কৰিছে।
প্রতিযোগিতাৰ দ্বিতীয়খন চেমিফাইনেলত অহা বৃহস্পতিবাৰে আর্জেন্টিনা আৰু ইংলেণ্ড মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে বাৰ বজাত আৰম্ভ হ’ব। চেমিফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজার্চি স্টেডিয়ামত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। আনহাতে চেমিফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ’ব।