July 6, 2026 12:54 PM | 2026 FIFA WORLDCUP

printer

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ মেক্সিকোক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোৱে ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

প্ৰতিযোগিতাত যোৱা নিশা নৰৱেই পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমান্সকৰ খেলখনৰ প্রথমার্ধ গ’লশূন্যভাৱে পাৰ হয় যদিও দ্বিতীয়ার্ধত আৰ্লিং হালাণ্ডে ৭৯ আৰু ৯০ মিনিটত দুটাকৈ গ’ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গ’ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোনৰ ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে।