July 18, 2026 9:32 AM | 2026 FIFA WORLDCUP

printer

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ইংলেণ্ড-ফ্ৰান্স

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ’ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল ৷

ইপিনে, কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্ছিত ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব।