July 20, 2026 10:16 AM | 2026 FIFA WORLDCUP

printer

আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয়

স্পেইনে যোৱাবাৰৰ বিজয়ী আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফোন ট’ৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ’ল দিয়ে।

 দুয়োটা দলৰ তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত ৯০ মিনিটলৈ গ’লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত ১০৬ মিনিটত ট’ৰেছৰ গ’লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয় । এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

 ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিয়’নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই ২০২২ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে ২০২১ আৰু ২০২৪ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।