ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পর্তুগালক ১-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ’ল দি স্পেইনৰ জয় নিশ্চিত কৰে। ২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্র বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে ৩-২ গ’লত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অব 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে ২-১ গ’লত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।
আনহাতে আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অব ছিক্সটিনৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হবলগীয়া হয়। ৪-১ গলৰ ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হব।