কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সভাপতি হিচাপে লৈ ২০২৪ৰ পৰা ২০২৮ বৰ্ষলৈ অসম অলিম্পিক সন্থাৰ নতুন সমিতি ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত সন্থাৰ সভাত চাৰিটা পদবীৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। আন পদসমূহত ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে বিষয়ববীয়া নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছিল। সন্থাৰ দুটা জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে কোনো প্রার্থীকে আজি মনোনীত বা নিৰ্বাচিত কৰা হোৱা নাই। লক্ষ্য কোঁৱৰ সাধাৰণ সম্পাদক আৰু অশোক কুমাৰ ভৰালী সংস্থাৰ কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। উপ-সভাপতি পদত সুবোধ মল্লবৰুৱা, সুশান্ত বিশ্ব শৰ্মা, ৰাজ কাকতি, শিলাদিত্য দেৱকে ধৰি মুঠ ১০ গৰাকী ব্যক্তি নিৰ্বাচিত হৈছে। সহ-সম্পাদক পদত অংশুমান দত্ত, ৰবিন শইকীয়াকে ধৰি মুঠ ৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে।
Assamese | September 22, 2024 7:41 PM | Assam Olympic Association
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সভাপতি হিচাপে লৈ ২০২৪ৰ পৰা ২০২৮ বৰ্ষলৈ অসম অলিম্পিক সন্থাৰ নতুন সমিতি ঘোষণা