ভাৰত আৰু বাংলাদেশৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আজি কাণপুৰৰ গ্ৰীণ পার্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টত আলহী দলক পৰাস্ত কৰাৰ পাচত ভাৰতে শৃংখলাটো ২-০ ফলাফলেৰে হস্তগত কৰাৰ আপ্রাণ প্ৰয়াস কৰিব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আইৰ তথ্য অনুসৰি দ্বিতীয়খন টেষ্টৰ বাবে ভাৰতীয় দলত থকা খেলুৱৈসকল হ’ল- ৰোহিত শৰ্মা, য়শস্বী জয়ছৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, চৰফৰাজ খান, ঋষভ পন্ত, ধ্ৰুৱ জুৰেল, আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ, জছপ্রিত বুমৰাহ আৰু য়শ দয়াল।
Assamese | September 27, 2024 1:21 PM | india bangladesh cricket
কাণপুৰত ভাৰত-বাংলাদেশৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন মেচ আৰম্ভ