ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বাংলাদেশে প্রথমে বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰি কালি প্ৰথম দিনাৰ খেলৰ অন্তত ৩ উইকেটৰ বিনিময়ত ১০৭ ৰান কৰিছিল। বাংলাদেশৰ হৈ মমিউল হকে ৪০ ৰাণ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি খেলি আছিল। ঘৰুৱা দল ভাৰতৰ হৈ আকাশ দীপে দুটা আৰু ৰবিচন্দ্রন অশ্বিনে এটা উইকেট দখল কৰে। ভাৰতে ইতিমধ্যে চেন্নাইত অনুষ্ঠিত প্রথমখন টেষ্টত ২৮০ ৰানত জয়লাভ কৰি শৃংখলাটোত অগ্ৰগতি লাভ কৰিছে।
Assamese | September 28, 2024 7:55 PM | Cricket | India Vs Bangladesh | SPORTS
ভাৰত আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা