ভাৰতৰ কিদাম্বি শ্রীকান্তে মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ আজি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্বদেশৰে প্ৰতিদ্বন্দ্বী আয়ুস ছেট্টীক ২১-১৩, ২১-১৮ গেমত পৰাস্ত কৰে। একেদৰে মহিলাৰ ডাব্লছ শাখাৰ ৰাউণ্ড অৱ ছিক্সটিন পৰ্যায়ৰ এখন খেলত আজি ভাৰতৰ তৃতীয় বাছনিৰ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে টাইৱানৰ লীন চি চুন আৰু টেং চুন ছুনক ২২-২০, ২১-১১ গেমত পৰাস্ত কৰে। আনহাতে, প্ৰতিযোগিতাৰ মহিলাৰ ছিংগল্ছ শাখাত ভাৰতৰ তছনিম মীৰ বিশ্বৰ চতুৰ্থ বাছনিৰ খেলুৱৈ জাপানৰ টম’কা মিয়াজাকিৰ বিৰুদ্ধে ১৭-২১, ২১-১৩, ১০-২১ গেমত পৰাস্ত হয়।
Assamese | September 26, 2024 9:06 PM | Macau Open Badminton Kidambi Srikanth defeats Ayush Shetty
মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ কিদাম্বি শ্রীকান্ত