আঞ্চলিক সংবাদ

June 15, 2026 1:26 PM

views 22

লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২’ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা, স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২’ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক এখন গ্ৰন্থ কালি উন্মোচন কৰা হয়। যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দী...

June 15, 2026 1:22 PM

views 16

ডিব্ৰুগড় আৰক্ষীয়ে মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰিছে

ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰে'ল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আবাসিক এলেকাত অভিযান চলাই মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে৷ আৰক্ষীয়ে অভিযানৰ সময়ত মাদকদ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। জিলাখনত চলি থকা মাদকদ্ৰব...

June 15, 2026 1:13 PM

views 30

আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিবঃ মুখ্যমন্ত্ৰী

অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয়, যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়...

June 15, 2026 1:13 PM

views 32

ৰাজ্যৰ ৪ বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI TAG অর্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে

◊ ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI TAG অর্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ GEOGRAPHICAL INDICATIONS REGISTRY-এ বিহু পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্রদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু স...

June 15, 2026 1:08 PM

views 22

কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

স্বাধীনতা সেনানী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে'ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হু...

June 15, 2026 12:48 PM

views 18

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ...

June 15, 2026 12:23 PM

views 21

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৪ গৰাকী লোকৰ সাক্ষ্য গ্রহণৰ বাবে দিন ধাৰ্য কৰা হৈছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৪ গৰাকী লোকৰ সাক্ষ্য গ্রহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দিপাংকৰ ঠাকুৰীয়াক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা ১২ জুনত অনুষ্ঠিত শুনানিত সময়...

June 15, 2026 12:17 PM

views 14

কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন

কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্রী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্রিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্ম ধ...

June 15, 2026 12:15 PM

views 13

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি ওপজা দিন

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি ওপজা দিন। ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক ২০১৫ চনত পদ্মশ্ৰী স...

June 15, 2026 1:31 PM

views 17

বতৰৰ বতৰা-

♦ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।