লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২’ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক গ্ৰন্থ উন্মোচন

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা, স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত ৪২’ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক এখন গ্ৰন্থ কালি উন্মোচন কৰা হয়।

যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপজ্যোতি ৰাজখোৱাই গ্ৰন্থখন উন্মোচন কৰে।

এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাংসদ কামাখ্যা প্রসাদ তাছা, সাহিত্যিক ড০ চেনিৰাম দত্ত, মুক্তিযুঁজাৰু সন্মিলনৰ গিৰিশ বৰদলৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।