ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নির্দেশ দিয়ে।
তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ১৫ দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া, কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সঁকিয়াই দিয়ে। প্রধানমন্ত্রী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যানমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মর্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে।
বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।