ডিব্ৰুগড় আৰক্ষীয়ে মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰিছে

ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰে’ল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আবাসিক এলেকাত অভিযান চলাই মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে৷

আৰক্ষীয়ে অভিযানৰ সময়ত মাদকদ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে।

জিলাখনত চলি থকা মাদকদ্ৰব্যৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে।