◊ ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI TAG অর্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ GEOGRAPHICAL INDICATIONS REGISTRY-এ বিহু পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্রদান কৰিছে।
ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্র্যপূর্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতিলাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে।
নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্রবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহনক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্রমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্রিয়ভাৱে সমর্থন যোগাই আহিছে।
এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয়, বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা ১২ টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব৷