আঞ্চলিক সংবাদ

June 16, 2026 1:32 PM

views 14

শক্তিপীঠ কামাখ্যা দেৱালয়ত ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব।  প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে...

June 16, 2026 1:30 PM

views 8

কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক

কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়।  কোকৰাঝাৰৰ উপ-আয়ুক্ত ড° পি উদয় প্রবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগ্ৰীৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ...

June 16, 2026 1:27 PM

views 32

ফিফা বিশ্বকাপ ফুটবলত আজি ফ্রান্স-ছেনেগাল আৰু ইৰাক-নৰৱেৰ মেচ

চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই ড্র ৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে চৌডি আৰবৰ লগত ১-১ গ'লত ডু খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্র কেপভার্ডেই কালি স্পেইনৰ সৈতে গ্রুপ এইছৰ এখন খেল...

June 16, 2026 12:52 PM

views 21

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রীণিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক ডি অৰ্ডাৰ অব দ্যা হোৱাইট ডাবল ক্ৰছ, ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে।  বঁটা গ্ৰহণ কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধ...

June 16, 2026 12:39 PM

views 24

মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ ধন মুকলি

ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত ২০২৫-২৬ শিক্ষা বৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে ২০৪ কোটি ৯৪ লাখ টকা মুকলি কৰি দিছে।  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয়, যে বিগত ২০২৪-২...

June 16, 2026 12:33 PM

views 15

আমেৰিকা-ইৰানৰ মাজত ঘোষিত শান্তিচুক্তিৰ পাছতে পশ্চিম এছিয়াত যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে প্ৰায় চাৰি মাহজোৰা সংঘাটৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।  ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়বৰ্গই ...

June 15, 2026 10:26 PM

views 16

চৰকাৰী চাকৰি অথবা পেন্সন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ সহায়

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেন্সন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্র সেনানী ভৱনত শ্বহীদ কুশল...

June 15, 2026 10:13 PM

views 28

ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI TAG

ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI TAG অর্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে ম'হৰ শিঙৰ পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে।  ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক ...

June 15, 2026 9:44 PM

views 12

শ্বিলঙত ৩,২১৪ কোটি টকা ব্যয়সাপেক্ষ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৩ হাজাৰ ২১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই...

June 15, 2026 2:08 PM

views 23

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত বেছিমাৰীত চলোৱা অভিযানত ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে ৪২ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে দুজনক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।