June 16, 2026 12:52 PM | pm modi honour

printer

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রীণিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক ডি অৰ্ডাৰ অব দ্যা হোৱাইট ডাবল ক্ৰছ, ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে।

 বঁটা গ্ৰহণ কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্রধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে উল্লেখ কৰে।

প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এয়া ১৪০ কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰী মোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। 

এই সন্মানক তেওঁ উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰে। এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যত প্ৰজন্মক দেশ দুখনৰ মিত্ৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।