June 16, 2026 12:39 PM | ranoj pegu school

printer

মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ ধন মুকলি

ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত ২০২৫-২৬ শিক্ষা বৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে ২০৪ কোটি ৯৪ লাখ টকা মুকলি কৰি দিছে। 

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয়, যে বিগত ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ ৩০ কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। 

আর্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষার্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ’বলগা নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ বুলি তেওঁ কয়।