আমেৰিকা-ইৰানৰ মাজত ঘোষিত শান্তিচুক্তিৰ পাছতে পশ্চিম এছিয়াত যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে প্ৰায় চাৰি মাহজোৰা সংঘাটৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। 

ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়বৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনষ্ঠিত হ’ব। চুক্তিখন স্বাক্ষতিৰ হোৱাৰ পাছতে হৰমুজ প্রণালী মুকলি হোৱাৰ লগতে সামুদ্রিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত ৬০ দিনীয়া আলোচনা আৰম্ভ হোৱাৰ লগতে আন আন সমস্যা সমাধানৰ পথ মুকলি হ’ব। 

এই চুক্তিয়ে সমগ্র মধ্য প্রাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰত পৰা ইতিবাচক প্রভাবৰ ফলত তেলৰ মূল্য সুলভ হ’বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ’ব বুলি মন্তব্য কৰিছে। 

ইপিনে উপৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাট অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।