চৰকাৰী চাকৰি অথবা পেন্সন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ সহায়

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেন্সন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্র সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। 

তেওঁ কয় যে শ্বহীদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাঁথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা জগাই আহিছে। দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শহীদসকলৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ অসমৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ঐতিহ্য আৰু অৱদানৰ সংৰক্ষণে ৰাষ্ট্ৰৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়াসকলৰ প্ৰতি প্রকৃত শ্রদ্ধাঞ্জলি হ’ব।

কুশল কোঁৱৰৰ পূণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ আত্মবলিদানে সকলোকে অতুলনীয় স্বদেশ প্ৰেমৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদানৰ বাবেই আমি স্বাধীন ভাৰতত আত্মমর্যাদাৰে জীয়াই আছো বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে যিধৰণে সজাব বিচাৰিছিল, সেই ধৰণে দেশক আগবঢ়াই নিয়াৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, গৌৱাহাটী পৌৰ নিমগৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত স্বপ্নীল পাল আৰু কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। ১৯৪৩ চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল ৷