June 15, 2026 10:26 PM

views 16

চৰকাৰী চাকৰি অথবা পেন্সন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ সহায়

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেন্সন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্র সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে।  তেওঁ কয় যে শ্বহীদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ড০ হিমন্ত বিশ্ব শৰ্ম...