আঞ্চলিক সংবাদ

June 17, 2026 1:59 PM

views 32

গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা ২০ জুনত কলাগুৰু বিষ্ণুৰাভা দিৱস

অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা ২০ জুনত কলাগুৰু বিষ্ণুৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বড়িলৈ ২০২৬ বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত ...

June 17, 2026 12:37 PM

views 36

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২৪ সংখ্যক ওপজা দিন

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২৪ সংখ্যক ওপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভবিষ্যমুখী সমাজ নির্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্র জয়মতীৰ নির্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। ১৯০৩ চনৰ এই দিন...

June 17, 2026 12:35 PM

views 25

ধেমাজিত বান প্রস্তুতিমূলক বৈঠক

ধেমাজি জিলাৰ অভিভাবক মন্ত্রী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্রস্তুতিমূলক বৈঠকত অংশগ্রহণ কৰি সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু থাকিবলৈ নির্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাৱীৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত বন্যার্তসকলৰ বাবে আ...

June 17, 2026 12:32 PM

views 35

অসম বিধান সভাৰ কাৰ্যক্ৰমণিকা ৬ৰ পৰা ৩১ জুলাইলৈ

অসম বিধান সভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি ৬ৰ পৰা ৩১ জুলাইলৈ চলিবলগীয়া ২৬ দিনীয়া বাজেট অধিবেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিবেশনৰ সময়ছোৱাত মুঠ ২১ দিন বৈঠক অনুষ্ঠিত হ'ব। ১০ জুলাইত বিত্ত মন্ত্রীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠি...

June 17, 2026 12:20 PM

views 31

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ২% বর্ধিত হাৰত মৰগীয়া বানচ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে দুই শতাংশ বর্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দর্ভত প্রয়োজনীয় নির্দেশনা জাৰি কৰে।

June 17, 2026 12:16 PM

views 26

মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা CNG প্রকল্প উদ্বোধন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্রকল্প ভার্চুবেল ব্যৱস্থাৰে উদ্বোধন কৰে। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাবে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ য...

June 17, 2026 12:09 PM

views 17

ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৬ চনলৈকে চোৰাং চিকাৰীৰ হাতত মাত্র ৭ টা গঁড়ে প্রাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২১ ত দুটা, ২০২৩ ৩ এটা আৰু ২০২৪ চনত দুটা গঁড় ...

June 16, 2026 8:04 PM

views 18

বিশ্বকাপ ফুটবলত আজি ফ্রান্স, ছেনেগালৰ মুখামুখি

চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত দুবাৰৰ চেম্পিয়ন ফ্রান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা চাৰে ৩ বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই অমীংমাসিত হৈ ৰয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উরুগুৱে ছৌদি...

June 16, 2026 7:59 PM

views 13

অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহানগৰ জিলা প্রশাসনৰ পূর্ণগতিত প্রস্তুতি অব্যাহত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে পূর্ণগতিত প্রস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব ইয়া...

June 16, 2026 7:56 PM

views 13

আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰীয়া প্ৰতিৰোধ অভিযান

শিশুসকলৰ ডায়েৰীয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰীয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।