শিশুসকলৰ ডায়েৰীয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰীয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময় শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্রহণ কৰা হৈছে। অহা ৩১ জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশ স্বৰূপে আজি দিনৰ ১১ বজাত শ্রীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নার্চ, আশাকর্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকর্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰীয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুমান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্রামক ৰোগৰ জিলা সমন্বয়ককে ধৰি ভালেকেইজন চিকিৎসকে এই কার্যসূচীত ডায়েৰীয়া প্ৰতিৰোধ যোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়ম সন্মতভাবে হাত ধোৱাৰ অভাবেই ডায়েৰীয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুক ৰ’টা ভাইৰাছ ভেকচিন গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকর্মীসকলে গুৰুত্ব আৰোপ কৰে।
ওদালগুৰিতো ডায়েৰীয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ কৰি জিলা আযুক্ত অতিৰিক্ত জিলা আযুক্তই সকলো ৰাইজক ডায়েৰীয়া ৰোগ সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে আশাকর্মীসকলে ORS বিতৰণ কৰে।