ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২৪ সংখ্যক ওপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভবিষ্যমুখী সমাজ নির্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্র জয়মতীৰ নির্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। ১৯০৩ চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত-মাত, সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্রিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা-সংস্কৃতি, সাহিত্য-সংগীত আৰু চলচ্চিত্র ক্ষেত্রলৈ শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্রীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে।