June 17, 2026 12:37 PM

views 39

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২৪ সংখ্যক ওপজা দিন

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১২৪ সংখ্যক ওপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভবিষ্যমুখী সমাজ নির্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্র জয়মতীৰ নির্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। ১৯০৩ চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত-মাত, সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্রিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰ...