মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছৰ যোগান প্রকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্রকল্প ভার্চুবেল ব্যৱস্থাৰে উদ্বোধন কৰে।
জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাবে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত উত্তৰ-পূব গেছ বিতৰণ কোম্পানী লিমিটেডে এই গেছ যোগানৰ আন্তঃগাঁথনি নির্মাণ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ শক্তি খণ্ডৰ যুগান্তকাৰী পৰিৱৰ্তনেৰে আন্তঃগাঁথনিমূলক প্রকল্প উৎসৰ্গা কৰা হৈছে। মধ্য প্রাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ শক্তি খণ্ড সংকটৰ সন্মুখীন হৈছিল আৰু ভাৰতত ব্যৱহৃত বন্ধন গেছৰ আমদানিতো সমস্যাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত প্রধানমন্ত্রীয়ে দেশৰ শোধনাগাৰসমূহৰ ৰন্ধন গেছৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাইপযুক্ত প্রাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। অসমত প্রাকৃতিক গেছ যোগানৰ সৈতে জড়িত কোম্পানীসমূহে ১০-১৫ লাখ গ্রাহকক পি এন জি সংযোগ দিব পাৰিলে ৰন্ধন গেছ ৰাহি হ’ব আৰু দেশৰ অর্থনৈতিক ক্ষেত্ৰতো বৰঙণি যোগাব বুলি মুখ্যমন্ত্রীয়ে কয়।
উল্লেখযোগ্য যে মঙলদৈত ঘৰুৱা পাইপযুক্ত প্রাকৃতিক গেছ যোগান আঁচনিৰ অধীনত কমেও ১০০টা পৰিয়ালক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু কমেও ৩০টা পৰিয়ালে নিয়মীয়াকৈ গেছৰ যোগান লাভকৰিবলৈ আৰম্ভ কৰিছে। যোৱা মাৰ্চত তেজপুৰত পাইপযুক্ত প্রাকৃতিক গেছ যোগান আৰম্ভ কৰা হৈছিল আৰু সম্প্রতি এহেজাৰ ৪০০টাতকৈও অধিক পৰিয়ালক এই ব্যৱস্থাৰে সামৰি লোৱা হৈছে। কালি তেজপুৰৰ পতঞ্জলী আয়ুর্বেদ লিমিটেডলৈ ঔদ্যোগিক পাইপযুক্ত প্রাকৃতিক গেছ যোগানৰ শুভাৰম্ভ কৰা হয় যদিও পতঞ্জলীয়ে ইতিমধ্যে উত্তৰ পূব গেছ বিতৰণ লিমিটেডৰ প্ৰায় দৈনিক প্রায় ৫ হাজাৰ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ ব্যৱহাৰ কৰি আছে। এই চাহিদা ৬ হাজাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যৱহাৰ প্ৰায় ৯ হাজাৰ পৰিয়ালৰ ৰন্ধন গেছৰ ব্যৱহাৰৰ সমান বুলি কোৱা হৈছে।