June 17, 2026 12:09 PM | Rhino related

printer

ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৬ চনলৈকে চোৰাং চিকাৰীৰ হাতত মাত্র ৭ টা গঁড়ে প্রাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২১ ত দুটা, ২০২৩ ৩ এটা আৰু ২০২৪ চনত দুটা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে ২০২৩ চনত মানস আৰু ওৰাঙত এটাকৈ গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰে।

ইপিনে, বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদর্শন দাঙি ধৰিছে। বিগত ৩টা বছৰত উদ্যানখনত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্রী ড° শর্মাই কালি সামাজিক মাধ্যমযোগে প্রকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়া কৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূর্ব সফলতা লাভ কৰিব পৰা গৈছে।

তেওঁ কয়, যে বর্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্রতিমাহে প্রায় ৩৮ হাজাৰ কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ তহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে।