June 17, 2026 12:09 PM

views 10

ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্রমাৎ শূন্যলৈ হ্রাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৬ চনলৈকে চোৰাং চিকাৰীৰ হাতত মাত্র ৭ টা গঁড়ে প্রাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২১ ত দুটা, ২০২৩ ৩ এটা আৰু ২০২৪ চনত দুটা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে ২০২৩ চনত মানস আৰু ওৰাঙত এটাকৈ গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে, বন্যপ্রাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদর্শন দাঙি ধৰিছে। বিগত ৩টা বছৰত উদ্যানখন...