চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ’বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত দুবাৰৰ চেম্পিয়ন ফ্রান্স ছেনেগালৰ মুখামুখি হ’ব। পুৱতি নিশা চাৰে ৩ বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই অমীংমাসিত হৈ ৰয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উরুগুৱে ছৌদি আৰবৰ লগত ১-১ গ’লত ড্র’ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্রতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপভার্ডেই কালি স্পেইনৰ সৈতে গ্রুপ-এইছৰ এখন খেল গ’ল শূন্যভাবে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে।
এই গ্রুপৰে আজি পুৱা অনুষ্ঠিত ইবান আৰু নিউজিলেণ্ডৰ খেলখনো ২-২ গ’লত ড্র’ হয়।