June 19, 2026 12:27 PM

views 33

বিশ্বকাপ ফুটবলত চেকিয়া-দক্ষিণ আফ্ৰিকাৰ খেল ড্র, বছনিয়া হার্জেগোভিনাৰ বিৰুদ্ধে ছুইজাৰলেণ্ডৰ জয়

বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ-এৰ খেলখন ১-১ গ'লত ড্র হয়। ইয়াৰ ফলত দুয়োটা দল নকআউট পর্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ হৈ আছে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বছনিয়া হার্জেগোভিনাক ৪-১ গ'লত পৰাস্ত কৰে।

June 18, 2026 8:15 PM

views 28

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি চেকিয়া বনাম দক্ষিণ আফ্ৰিকা

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত হ'বলগীয়া গ্রুপ-এৰ এখন খেলত চেকিয়া, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত আৰম্ভ হ'ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ২-১ গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইন্ট জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্রিকাইও পূৰ্বৰ খেলত মেক্সিকোৰ হাতত ২-০ গ'লত পৰাস্ত হোৱাৰ পাছত প্রতিযোগিতাত প্রথমটো পইন্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্রতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে ১২ বজাত হ...

June 16, 2026 8:04 PM

views 23

বিশ্বকাপ ফুটবলত আজি ফ্রান্স, ছেনেগালৰ মুখামুখি

চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত দুবাৰৰ চেম্পিয়ন ফ্রান্স ছেনেগালৰ মুখামুখি হ'ব। পুৱতি নিশা চাৰে ৩ বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত তিনিওখন খেলেই অমীংমাসিত হৈ ৰয়। মিয়ামিত হোৱা গ্রুপ-এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উরুগুৱে ছৌদি আৰবৰ লগত ১-১ গ'লত ড্র' খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্রতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপভার্ডেই কালি স্পেইনৰ সৈতে গ্রুপ-এইছৰ এখন খেল গ'ল শূন্যভাবে সমাপ্ত কৰি চমক সৃষ্টি ...