June 18, 2026 8:15 PM | World Cup Football

printer

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি চেকিয়া বনাম দক্ষিণ আফ্ৰিকা

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত হ’বলগীয়া গ্রুপ-এৰ এখন খেলত চেকিয়া, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত আৰম্ভ হ’ব। চেকিয়াই ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইন্ট জয়ৰ বাবে আপ্রাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্রিকাইও পূৰ্বৰ খেলত মেক্সিকোৰ হাতত ২-০ গ’লত পৰাস্ত হোৱাৰ পাছত প্রতিযোগিতাত প্রথমটো পইন্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্রতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে ১২ বজাত হ’বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড, বছনিয়া আৰু হার্জেগোভিনা বিৰুদ্ধে অবতীর্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।