ধেমাজি জিলাৰ অভিভাবক মন্ত্রী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্রস্তুতিমূলক বৈঠকত অংশগ্রহণ কৰি সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু থাকিবলৈ নির্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাৱীৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত বন্যার্তসকলৰ বাবে আশ্রয় শিবিৰ, চিকিৎসা সেবা, ঔষধ, খাদ্য সামগ্রী আৰু বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা সংক্রান্তীয় প্রস্তুতিৰ বুজ লয় আৰু সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ-কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাবে আলোচনা কৰে আৰু যাৱতীয় দিহা-পৰামৰ্শ আগবঢ়ায়।
Assamese | June 17, 2026 12:35 PM | Atul Bora Meet
ধেমাজিত বান প্রস্তুতিমূলক বৈঠক