June 17, 2026 12:35 PM

views 31

ধেমাজিত বান প্রস্তুতিমূলক বৈঠক

ধেমাজি জিলাৰ অভিভাবক মন্ত্রী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্রস্তুতিমূলক বৈঠকত অংশগ্রহণ কৰি সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু থাকিবলৈ নির্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাৱীৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত বন্যার্তসকলৰ বাবে আশ্রয় শিবিৰ, চিকিৎসা সেবা, ঔষধ, খাদ্য সামগ্রী আৰু বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা সংক্রান্তীয় প্রস্তুতিৰ বুজ লয় আৰু সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগ...

June 4, 2025 8:14 PM

views 49

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত বৈঠক

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ইয়াৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্রহণ সন্দৰ্ভত আলোচনা কৰিবলৈ আজি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পর্যাপ্ত সংখ্যক সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। শ্ৰীবৰাই লগতে সময়োপযোগী আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্রস্তসকলক সকাহ দিয়াৰ পৰামৰ্শ দিয়ে। তেওঁ কয়, যে কৃষকসকলৰ সুবিধার্থ...

January 4, 2025 7:39 PM

views 38

ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীৰ বিশেষ পর্যালোচনা বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পর্যালোচনা বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিবেশনত উত্থাপন হবলগীয়া কেন্দ্রীয় বাজেটত সন্নিবিষ্ট কৰিব পৰাকৈ দেশৰ কৃষিখণ্ডৰ বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই এই বৈঠকত ৰাজ্যখনৰ কৃষি, উদ্যানশস্যৰ প্ৰধান সমস্যাৰ বিষয়টো অৱগত কৰে। বিশেষকৈ হাতী, বান্দৰৰ উপদ্ৰবৰ বিষয়টো তেওঁ কেন্...