সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ইয়াৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্রহণ সন্দৰ্ভত আলোচনা কৰিবলৈ আজি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পর্যাপ্ত সংখ্যক সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। শ্ৰীবৰাই লগতে সময়োপযোগী আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্রস্তসকলক সকাহ দিয়াৰ পৰামৰ্শ দিয়ে। তেওঁ কয়, যে কৃষকসকলৰ সুবিধার্থে তাৎক্ষণিক প্ৰয়োজনীয় সঁহাৰি দিবলৈ সঞ্চালকালয় আৰু জিলা পর্যায়ত নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। আজিৰ বৈঠকত কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰীয়া, বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্রবীনৰ উপৰি ভালেসংখ্যক শীর্ষ বিষয়া উপস্থিত থাকে।
Assamese | June 4, 2025 8:14 PM | Atul Bora Meet
সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত বৈঠক