June 16, 2026 1:32 PM | ambubachi kamakhya

printer

শক্তিপীঠ কামাখ্যা দেৱালয়ত ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। 

প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ’ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব । ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। 

প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ’ব বুলি দেৱালয় কর্তৃপক্ষই আশা প্রকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু-সন্যাসীৰ আগমন ঘটিছে। 

গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভীৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফচিকুনতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিনা নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে তিনিবাৰকৈ কামাখ্য ধামৰ চৌহদ চাফচিকুন কৰা হ’ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।