কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

স্বাধীনতা সেনানী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে।

ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল।

১৯৪৩ চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্রতীক শ্বহীদ কুশল কোঁৱৰৰ পুন্য তিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয়, যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব।